August 20, 2024 5:40 PM | Health Ministry

printer

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰব্বীলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎ‍সালয়ত সুৰক্ষা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানৰ মুৰববীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মন্ত্ৰালয়ে আগমন, প্রস্থান, কৰিড’ৰ আৰু স্পৰ্শকাতৰ এলেকাসহ কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত মাত্ৰাত উচ্চ ৰিজ’লিউচনৰ চি চি টি ভি কেমেৰা স্থাপন কৰিবলৈ আহ্বান জনাইছে। জৰুৰীকালীন অৱস্থাত তাৎক্ষণিক সঁহাৰিৰ বাবে এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰিবলৈও পত্ৰখনত কোৱা হৈছে। তদুপৰি পত্ৰখনত চিকিৎসালয়ৰ চৌহদসমূহত নিৰীক্ষণ, টহল আৰু পৰ্যবেক্ষণৰ বাবে পর্যাপ্ত প্রশিক্ষণপ্রাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰা উচিত বুলি উল্লেখ কৰা হৈছে। মন্ত্ৰ্যালয়ে কৈছে যে পৰিচয় পত্ৰ দেখুওৱাৰ পাছতহে কৰ্তৃত্বশীল কৰ্মচাৰীসকলক প্ৰৱেশ আৰু প্ৰস্থানৰ অনুমতি দিয়া উচিত। মন্ত্ৰ্যালয়ে লগতে চিকিৎসালয়লৈ অহা সকলো লোকৰ নিৰীক্ষণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা উচিত বুলি প্ৰকাশ কৰিছে। ইয়াৰ উপৰি চিকিৎসক, নাৰ্ছ আৰু প্ৰশাসনিক কৰ্মচাৰীসহ সকলোকে সুৰক্ষাৰ ভাবুকি চিনাক্ত কৰা আৰু সেই অনুসৰি সঁহাৰি জনোৱাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ কোৱা হৈছে। তেওঁলোকক জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ উচিত দক্ষতাৰে সাজু কৰি তুলিবলৈ পত্ৰখনত উল্লেখ কৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে চিকিৎসা চৌহদৰ অন্ধকাৰ ঠাইসমূহৰ নিৰীক্ষণ কৰিব লাগে আৰু বিশেষকৈ মহিলা স্বাস্থ্য কর্মীয়ে কাম কৰা ঠাই, যান-বাহন ৰখোৱা ঠাই আৰু প্ৰৱেশ দ্বাৰত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা উচিত বুলি মন্তব্য কৰিছে। চিকিৎসালয় কর্তৃপক্ষই কোনো ঘটনা সংঘটিত হ’লে স্থানীয় আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ সৈতে সমন্বয় সুনিশ্চিত কৰা উচিত মহিলা স্বাস্থ্যকৰ্মীসকলক সকলোধৰণৰ বুনিয়াদী সা-সুবিধা থকা নিৰাপদ কৰ্ম সম্পাদন কক্ষ প্ৰদান কৰা উচিত বুলি মন্ত্ৰ্যালয়ে পত্ৰখনত উল্লেখ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে লগতে বিভিন্নধৰণৰ জৰুৰী অৱস্থাৰ জোৰা মৰাৰ বাবে সৰ্বাত্মক পৰিকল্পনা যুগুতাই উলিওৱাৰ পৰামৰ্শ আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক