ডাউনলোড
মোবাইল এপ

android apple
signal

March 28, 2025 7:34 PM | Helath mela

printer

সমগ্ৰ ৰাজ্যতে অহা ১ এপ্ৰিলৰ পৰা ১৭ জুলাইলৈকে স্বাস্থ্য মেলা অনুষ্ঠিত

সমগ্ৰ ৰাজ্যতে অহা ১ এপ্ৰিলৰ পৰা ১৭ জুলাইলৈকে স্বাস্থ্য মেলা অনুষ্ঠিত হব। ইয়াৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ধেমাজি জিলাতো ৬৫ খন গাওঁ পঞ্চায়ত আৰু ২ খন পৌৰসভাত একোখনকৈ স্বাস্থ্য মেলা অনুষ্ঠিত হ’ব। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সেইদিনা ধেমাজিৰ জামুগুৰি পাঁচআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত হ’বলগীয়া স্বাস্থ্য মেলা মুকলি কৰিব। ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাইয়ে আজি এখন সংবাদমেলত এইকথা জানিবলৈ দিয়ে। এই কার্যসূচীত ধেমাজি জিলা অভিভাৱক মন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰাৰ কথা। এই স্বাস্থ্য মেলাত জিলাৰ শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত আয়োজন কৰাৰ বাবে ব্যাপক প্রস্তুতি চলোৱা হৈছে বুলি জিলা অতিৰিক্ত আয়ুক্ত ড০ সঞ্জীৱ কুমাৰ ফুকনে জানিবলৈ দিছে। স্বাস্থ্য মেলাৰ জৰিয়তে স্বাস্থ্য বিভাগৰ বিভিন্ন চৰকাৰী আঁচনিৰ লগতে সংক্ৰামক ৰোগ চিনাক্তকৰণ, ৰোগ পৰীক্ষণ, খাদ্যাভ্যাস, শৰীৰ চৰ্চা, যোগাভ্যাস আদিৰ সন্দৰ্ভত জনসাধাৰণক অৱগত কৰা হ’ব।

কার্বি আংলং জিলা স্বাস্থ্য সমিতি আৰু জিলা স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত পৰিষদীয় সমষ্টিৰ ভিত্তিত স্বাস্থ্য মেলা অনুষ্ঠিত হ’ব। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নতুন সচিবালয়ত আয়োজিত সংবাদমেলত জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক বৰসিং ৰংপিয়ে এইকথা জানিবলৈ দিয়ে। জিলাখনৰ লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংচলিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। তেওঁ জানিবলৈ দিয়া অনুসৰি ২৬ টা পৰিষদীয় সমষ্টিতে একোখনকৈ স্বাস্থ্য মেলা অনুষ্ঠিত হ’ব। এই স্বাস্থ্য মেলাত চিকিৎ‍সকসকলে জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত প্ৰতিগৰাকী ব্যক্তিকে একোখনকৈ স্বাস্থ্য পৰিচয়পত্ৰ প্ৰদান কৰিব।

 

অধিক পঢ়ক

সকলো চাওক