হাৰিয়ানা বিধানসভা নির্বাচনৰ বাবে বিজেপিৰ ২১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ভাৰতীয় জনতা পাৰ্টীয়ে আজি হাৰিয়ানা বিধানসভাৰ আসন্ন নির্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত আন এখন তালিকা প্রকাশ কৰে। তালিকা অনুসৰি জুলানা বিধানসভা আসনৰ পৰা যোগেশ বৈৰাগীয়ে অলিম্পিকত ভাৰতৰ হৈ অংশ লোৱা ৱিনেশ ফোগাটৰ বিৰুদ্ধে আৰু ৰায় আসনৰ পৰা কৃষ্ণ গহলাৱাটে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে, বিমলা চৌধাৰীয়ে পাটাউডী আৰু প্ৰদীপ চাংৱানে বৰোদা বিধানসভা আসনৰ পৰা নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ব। একেদৰে, ফিৰোজপুৰ ঝিৰকাত নাছিম আহমেদক আৰু পুনাহানাত আইজ খানক দলে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে। এই পৰ্যন্ত দলটোৱে ৬৭ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ইপিনে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিয়েও ৯গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি ফৰিদাবাদ বিধানসভা আসনৰ পৰা প্রবেশ মেহতাক প্ৰক্ষেপ কৰা হৈছে। ইপিনে মুখতিয়াৰ সিং বাজিগৰে ৰতিয়া আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব। দলটোৱে কালি বিশগৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত এখন তালিকা প্রকাশ কৰিছিল। এই পর্যন্ত দলটোৱে ২৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই পর্যন্ত কংগ্ৰেছে ৪১ গৰাকী, জেজেপি-আজাদ সমাজ পার্টি মিত্রজোঁটে ৩১ গৰাকী আৰু আই এন এল ডি-বি এছ পিয়ে ১২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। নিৰ্বাচনত আজাদ সমাজ পার্টিয়ে ২৫ খন আসনত প্রার্থী প্ৰক্ষেপ কৰিব বুলি ঘোষণা কৰিছে। ইপিনে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীয়ে আজি লাডৱাৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে তেওঁ দলৰ নিৰ্বাচনী কার্যালয় উদ্বোধন কৰে । ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া অহা ১২ ছেপ্টেম্বৰৰ বিয়লি ৩ বজালৈ অব্যাহত থাকিব।

অধিক পঢ়ক

সকলো চাওক