হাৰিয়ানা বিধানসভা নিৰ্বাচনত ১,০৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। হাৰিয়ানা মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ১০১গৰাকী মহিলা আৰু ৪৬২ গৰাকী নিৰ্দলীয় প্রার্থী আছে। ৰাজ্যখনত অহা ৫ অক্টোবৰত এটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰ হৈ উঠিছে। ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভিৱানী আৰু ফৰিদাবাদত দুখন নির্বাচনীত সভাত অংশগ্রহণ কৰে। ভিৱানীত নিৰ্বাচনী সভাক সম্বোধন কৰি শ্ৰীশ্বাহে কংগ্ৰেছ দল অনুসূচিত জাতি, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থাৰ পৰিপন্থী বুলি অভিযোগ তোলে। ফৰিদাবাদৰ নির্বাচনী সভাত অংশ লৈ শ্ৰীশ্বাহে কয় যে বিজেপিয়ে সমাজৰ কল্যাণৰ হকে কাম কৰাৰ বিপৰীতে কংগ্ৰেছে অকল পৰিয়ালৰ স্বাৰ্থৰ হকেহে কাম কৰে। তেওঁ কয় যে কংগ্ৰেছ দল ক্ষমতাত থকাৰ সময়ত দুৰ্নীতি আৰু বিশৃংখলতা বৃদ্ধি পাইছিল, কিন্তু বিজেপিয়ে এই সমস্যাসমূহ দূৰ কৰিছে।

অধিক পঢ়ক

সকলো চাওক