হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি অন্ত পৰিব। শনিবাৰে ৰাজ্যখনৰ ৯০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোতে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰো ভোটগণনা ৮ অক্টোবৰত সম্পন্ন হ’ব। ইফালে নির্বাচন আয়োগে ৫ অক্টোবৰৰ সন্ধিয়া চাৰে ৬ বজা পর্যন্ত এগজিট প’ল প্ৰকাশত নিষেধাজ্ঞা আৰোপ কৰিছে। ছপা মাধ্যম, বৈদ্যুতিন সংবাদ মাধ্যম বা আন কোনো সংস্থাই নির্ধাৰিত সময়তকৈ পূর্বে এগজিট প’ল প্ৰকাশ কৰিব নোৱাৰিব।
Site Admin | October 3, 2024 12:25 PM | haryana election
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন, শনিবাৰে ভোটগ্ৰহণ
