হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনীয়ে ৰাজ্যখনৰ সকলো শস্য ন্যূনতম সমর্থন মূল্যত ক্রয় কৰাৰ কথা ঘোষণা কৰিছে। কুৰুক্ষেত্ৰত বিজেপিৰ বিজয় শংখনাদ ৰেলীত ভাষণ দি তেওঁ কয় যে, চৰকাৰে বৰ্তমান ন্যূনতম সমর্থন মূল্যত ১৪ বিধ শস্য ক্রয় কৰিছে। ৰাজ্য চৰকাৰে ১৩৩ কোটি টকা ব্যয় সাপেক্ষ আবিয়ানা নামেৰে পৰিচিত বিশেষ জলসিঞ্চনৰ বাবেও ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ইয়াৰ দ্বাৰা কৃষকসকলে বছৰি ৫৪ কোটি টকা লাভান্বিত হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৩ চনৰ পূৰ্বে প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰোহটক, নুহ, ফাটেহাবাদ আৰু সিচাত ক্ষতিগ্ৰস্ত কৃষকসকলক এসপ্তাহৰ ভিতৰত ক্ষতিপূৰণ হিচাপে ঘোষণা কৰা ১৩৭ কোটি টকাৰ বাকী থকা অংশও প্ৰদান কৰা হ’ব। এই ধনৰাশি কৃষকসকলৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ’ব। তেওঁ কয় যে, বর্তমান কৃষকসকলে নতুন দমকল সংযোগৰ ফলত দেশৰ যিকোনো স্থানৰ পৰা থ্রী ষ্টাৰ মটৰ ক্ৰয় কৰিব পাৰিব। বৰ্তমান ৰাজ্যখনত মাত্র ১০টা থ্রী ষ্টাৰ মটৰৰ কোম্পানী পঞ্জীয়ন হৈ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শীঘ্ৰেই চৰকাৰী খণ্ডত ৪০ হাজাৰ পদ পূৰণ কৰা হ’ব বুলিও উল্লেখ কৰে।
Site Admin | August 5, 2024 12:17 PM | Hariyana cm