সমগ্ৰ দেশতে আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত আৱকাৰী শুল্ক দুটকাকৈ বৃদ্ধি পাব। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ’ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে আৱকাৰী শুল্কৰ এই বৃদ্ধিয়ে গ্ৰাহকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ নেপেলায়।
তদুপৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। শ্ৰী পুৰীয়ে কয়, যে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ কাইলৈৰ পৰা ৫৫০ টকাত আৰু অন্য সকলে ৮৫৩ টকাত লাভ কৰিব। অৱশ্যে ইয়াৰ সৈতে ৰাজ্যিক কৰৰ নিৰিখ ধৰা হোৱা নাই।
Site Admin | April 7, 2025 8:19 PM | Hardeep Singh Puri
প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত আৱকাৰী শুল্ক দুটকাকৈ বৃদ্ধি
