ডাউনলোড
মোবাইল এপ

android apple
signal

August 14, 2024 7:43 PM

printer

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা কাৰ্যসূচী অব্যাহত

হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱাৰ ভাগত ত্ৰিৰংগা দৌৰ অনুষ্ঠিত হয়। এই দৌৰত জিলা প্ৰশাসনৰ শীর্ষ বিষয়া, আৰক্ষী, ছাত্র-ছাত্ৰী আৰু খেলুৱৈয়ে অংশগ্রহণ কৰে। আনহাতে, লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি এই উপলক্ষে এটা মটৰ চাইকেল সমদল উলিওৱা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনে কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ত্রিবংগা পদযাত্ৰাৰ আয়োজন কৰে। জিলাখনৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে এই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ লগতে অন্যান্য অঞ্চলতো হব ঘৰ তিৰংগা অভিযানৰ অধীনত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শোণিতপুৰ জিলাত আজি হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল সমদল উলিওৱা হয়। পুৱাৰ ভাগত তেজপুৰত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানৰ পৰা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। কৰিমগঞ্জ জিলা প্ৰশাসন আৰু জিলা ক্রীড়া সন্থাৰ উদ্যোগত আজি এই অভিযানৰ অধীনত এখন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্যৰ লগতে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। জিলাখনত প্ৰশাসনৰ উদ্যোগত আজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত হস্ত শিল্প প্রতিযোগিতা অনুষ্ঠিত হয়। মৰিগাঁও জিলাৰ মৈৰাবাৰীত আজি ত্রিবংগ পতাকাসহ এটা সমদল উলিওৱা হয়। ডারুল উলুম মাদ্ৰাছাৰ উদ্যোগত আৰু মৈৰাবাসীৰ সহযোগত আয়োজিত এই সমদলত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে বহুলোকে অংশগ্রহণ কৰে। যোৰহাট জিলা প্ৰশাসনৰ সহযোগত আজি এছ ডি আৰ এফ আৰু অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যুটীয়া উদ্যোগত ব্ৰহ্মপুত্ৰৰ বুকুত ত্রিবংগা যাত্ৰাৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু জিলা ক্রীড়া বিভাগৰ উদ্যোগত আজি ডিফু চহৰত ত্রিবংগা যাত্ৰা কৰা হয়। এই যাত্ৰাত জিলাখনৰ আয়ুক্ত নীৰলা ফাংছ’পি, জিলা ক্রীড়া বিভাগৰ বিষয়া তথা খেলুৱৈসকলে অংশগ্রহণ কবে। তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাত আজি হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত এটা সমদল উলিওৱা হয়। এই সমদলত শদিয়া আৰক্ষীৰ লগতে চি আৰ পি এফ, এন চি চি আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। জিলাখনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত গাঁৱে গাঁৱে ত্রিৰংগ পতাকা সুলভ কৰাৰ বাবে বিপণী মুকলি কৰা হৈছে। ইপিনে, চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আজি হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে চৰাইদেউ মৈদামথলীত চাফাই অভিযানৰ আয়োজন কৰা হয়। কোকৰাঝাৰ জিলাতো আজি ত্রিৰংগা যাত্ৰা কৰা হয়। ইফালে, বৰপেটা জিলাত আজি হিন্দু জাগৰণ মঞ্চ আৰু অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ উদ্যোগত ৭৮ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰাষ্ট্ৰীয় পতাকা লৈ সমদল উলিওৱা হয়। বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে ঢালিগাঁৱত থকা শোধনাগাৰটোৱে ত্রিবংগ পতাকাসহ মটৰ চাইকেল সমদল উলিয়ায়।

অধিক পঢ়ক

সকলো চাওক