নাগৰিকসকলৰ হৃদয়ত দেশৰ প্ৰেমৰ অনুভূতি জগাই তোলাৰ উদ্দেশ্যে আজিৰ পৰা ১৫ আগষ্টলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান চলোৱা হ’ব। নতুন দিল্লীত কালি এখন সংবাদমেলক সম্বোধন কৰি সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱটে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে, স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ২০২২ চনত হৰ ঘৰ তিৰংগা আৰম্ভ কৰা হৈছিল। তেওঁ কয় যে, যোৱা বছৰ ১০ কোটিতকৈ অধিক লোকে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ছেলফি আপলোড কৰিছে। এইবেলি হৰ ঘৰ তিৰংগা অভিযানৰ সময়ত ২০০ৰো অধিক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ১৩ আগষ্টত সাংসদ আৰু মন্ত্ৰীসকলে তিৰংগা বাইক ৰেলীত ভাগ ল’ব ।
Site Admin | August 9, 2024 12:00 PM | Har Ghar Tiranga Campaign to be celebrated from August 9-15