মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাগত স্বাধীনতা দিৱস যথাবিহীত কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ লগতে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীও উৎসৱমুখৰ পৰিৱেশেৰে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। ৰাজ্যৰ বিভিন্ন আত্মসহায়ক গোট, ভিডিপি, অংগনৱাড়ী কর্মী, আশাকর্মী, ক্রীড়া সংগঠন, সাংস্কৃতিক সংগঠন, এন এছ এছ, এন চি চি আদিৰ উপৰি সকলো শ্ৰেণীৰ ৰাইজক সামৰি এই কাৰ্যসূচী উদযাপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক নির্দেশনা প্ৰদান কৰিছে। আনহাতে এই কাৰ্যসূচীৰ আলোকচিত্ৰ হৰ ঘৰ তিৰংগা প’ৰ্টেলত আপলোড কৰিবলৈও তেওঁ নিৰ্দেশ দিছে। তেওঁ লগতে জিলাসমূহৰ ৰাজহচক্র, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়কে ধৰি মুখ্য স্থানসমূহত ত্ৰিৰংগ পতাকা উপলব্ধ হোৱাটো সুনিশ্চিত কৰিবলৈ কয়। অসম ৰাজ্যিক গ্রামীন বিকাশ অভিযান আৰু খাদী ব’ৰ্ডক জড়িত কৰি পতাকাসমহূ উপলব্ধ কৰাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আয়ুক্তসকলক নিৰ্দেশ দিয়ে।
Site Admin | August 9, 2024 11:39 AM | Har Ghar Tiranga Campaign assam cm