আজিৰে পৰা চৌদি আৰবৰ মিনাত ৫ দিনীয়া হজ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ

চৌদি আৰবৰ মিনাত ৫ দিনীয়া হজ যাত্ৰাৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে। এই উপলক্ষে বিশ্বৰ প্ৰায় ২০ লাখ লোক ইয়াত একত্ৰিত হৈছে। প্ৰতিবছৰে অনুষ্ঠিত এই হজ যাত্ৰাত ভাৰতৰ ১ লাখ ৭৫ হাজাৰতকৈও অধিক তীর্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে ১ লাখ ৪০ হাজাৰ হজ যাত্ৰী ভাৰতীয় হজ সমিতিৰ অধীনত চৌদি আৰবত উপস্থিত হৈছে। এই বছৰ ভাৰতৰ পৰা সৰ্বাধিক ৫ হাজাৰ মহিলাই মেহৰম বা পুৰুষ অভিভাৱক অবিহনে হজ যাত্ৰাত অংশগ্ৰহণ কৰিছে। তীর্থযাত্ৰীসকলে পবিত্ৰ নগৰী মক্কাৰ পৰা মিনাত একগোট হ’বৰ বাবে ইতিমধ্যে যাত্রা আৰম্ভ কৰিছে। তেওঁলোকে তাতে নিশাটো কটাব আৰু কাইলৈ কাহিলী পুৱাতে হজৰ দিনাৰ প্ৰধান নামাজ পঢ়াৰ উদ্দেশ্যে আৰাফট অভিমুখে ৰাওনা হ’ব। ভাৰতীয় তীর্থযাত্ৰীসকললৈ হজ সুবিধা মোবাইল এপৰ যোগেদি হজ সম্পৰ্কীয় সকলো তথ্য আৰু ওজৰ-আপত্তি তথা অনান্য সা-সুবিধা প্ৰদান কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক