যোৱা নিশা দেহাৱসান ঘটা বর্ষীয়ান অভিনেত্রী জ্ঞানদা কাকতিৰ নশ্বৰদেহৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত শ্বিলঙৰ বৈদ্যুতিক শ্মশানত সম্পন্ন কৰা হয়। ইয়াৰ আগতে তেওঁৰ নশ্বৰদেহৰ প্ৰতি শ্বিলঙৰ লাবানৰ আছাম ক্লাব, লাবান নামঘৰ, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা পুষ্পার্ঘ্য নিবেদন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াত তেওঁৰ একমাত্ৰ জীয়ৰী আৰু শিল্পীগৰাকীৰ কিছুসংখ্যক গুণমুগ্ধ উপস্থিত আছিল।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে যোৱা কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভূগি থকা অভিনেত্ৰীগৰাকীৰ যোৱানিশা শ্বিলঙৰ এখন ব্যক্তিগত হাস্পতালত ৯২ বছৰ বয়সত দেহাৱসান হয়। পঞ্চম দশকত পাৰঘাট ছবিৰে চলচ্চিত্ৰৰ অভিনয় জগতত ভূমুকি মৰা জ্ঞানদা কাকতিয়ে অসমীয়া ছবি জগতত প্ৰায় চাৰি দশক ধৰি তেওঁৰ অনবদ্য অভিনয়েৰে দৰ্শকক আপ্লুত কৰি আহিছিল। তেওঁ অভিনয় কৰা ১৪ খন অসমীয়া ছবিৰ ভিতৰত উল্লেখযোগ্য ছবিসমূহ হৈছে- পিয়লি ফুকন, পূৱেৰুণ, সৰাপাত, লখিমী, ৰঙা পুলিচ, চাকনৈয়া, পুৱতি নিশাৰ সপোন, ওপৰ মহলা, শেষ বিচাৰ, প্রিয়জন আদি। বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত আৰু ১৯৯৬ চনত মুক্তিপ্রাপ্ত ৰাগবিৰাগ ছবি আছিল তেওঁ অভিনয় কৰা অন্তিমখন ছবি। ধীৰু ভূঞাৰ পৰিচালিত আৰু জ্ঞানদা কাকতি অভিনীত প্ৰথম ৰাগিনী ছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল পুৰস্কাৰ লাভ কৰিছিল। ১৯৫৯ চনত প্রভাত মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত পূৱেৰুণ ছবিখনৰ বাবে বার্লিন চলচ্চিত্র মহোৎসৱত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিছিল।
জ্ঞানদা কাকতিয়ে তিনিখন বাংলা ছবিতো অভিনয় কৰিছিল। ২০০২ চনত শিল্পীগৰাকীয়ে কলাগুৰু বিষ্ণুৰাভা বঁটা লাভ কৰিছিল। অভিনয়ৰ লগতে তেওঁ কণ্ঠশিল্পী হিচাপেও প্রতিষ্ঠা লাভ কৰা জ্ঞানদা কাকতিৰ আকাশবাণীৰ সংগীত শিল্পীৰূপেও সুনাম আছিল। ইয়াৰ উপৰি গ্ৰামোফোন ৰেকৰ্ডতো তেওঁ কণ্ঠদান কৰিছিল। জ্ঞানদা কাকতিয়ে ১৯৪৮ চনৰ পহিলা জুলাইত তেতিয়াৰ আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰৰ শ্বিলং ষ্টুডিঅ’ৰ পৰা অসমীয়াত প্ৰথম ঘোষণা কৰিছিল।
জ্ঞানদা কাকতিৰ মৃত্যুত কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আন ভালেকেইগৰাকী নেতা, শিল্পী, সাহিত্যিকে শোক প্ৰকাশ কৰাৰ বাতৰি আমালৈ আহিছে।