ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

গুৱাহাটী ক্রীড়া সন্থাই আসন্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ জৰিয়তে ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনি অনুযায়ী বৰদলৈ ট্ৰফীত উন্নত প্ৰদৰ্শন কৰা ১৯ বছৰ অনুর্ধ খেলুৱৈৰে গঠিত এটা দলক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ বাবে স্পেইনলৈ প্ৰেৰণ কৰা হ’ব। বি চি চি আইৰ সচিব তথা গুৱাহাটী ক্রীড়া সন্থাৰো দায়িত্বত থকা দেৱজিৎ শ‍ইকীয়াই কালি অসম অলিম্পিক সন্থাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত এই কথা সদৰি কৰে। ৰাজ্যৰ ফুটবল ক্ষেত্ৰখনৰ ভৱিষ্যতক লৈ আশাবাদী শ্ৰী শ‍ইকীয়াই কয়, যে ৰাজ্যৰ ঐতিহ্যমণ্ডিত ফুটবল ইতিহাস আছে আৰু ৰাজ্যত প্ৰতিভাৰ অভাৱ নাই। অনাগত সময়ত যথোচিত প্রশিক্ষণ আৰু সমৰ্থনেৰে ফুটবলৰ উত্থান ঘটাব পৰা যাব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে এইবাৰ বৰদলৈ ট্ৰফী ফুটবলৰ সময়ত প্ৰতিটো দলত ১৯ বছৰ অনুৰ্ধৰ কমেও ৫ জন খেলুৱৈ থকাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰে মূল একাদশত অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ উপৰি প্ৰতিযোগিতাখনৰ পৰা ২০-২২ জন খেলুৱৈক বাছনি কৰি উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

 

অধিক পঢ়ক

সকলো চাওক