ডাউনলোড
মোবাইল এপ

android apple
signal

April 6, 2025 12:17 PM | Guwahati Weather

printer

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী চেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্রদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ইয়াৰ উপৰি অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ কেতবোৰ ঠাইত প্রতি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰটোৱে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক