ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ লগতে ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া কুঁৱলীয়ে আৱৰি ৰাখিব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৱৰি ৰাখিব যদিও দিনৰ ভাগলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৪ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬ দশমিক ১ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৫ ডিগ্রী চেলছিয়াছ।
Site Admin | January 22, 2025 12:22 PM | Guwahati Weather
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল থাকিব
