ডাউনলোড
মোবাইল এপ

android apple
signal

June 19, 2024 12:14 PM | IMD weather

printer

অহা ২৪ জুনলৈকে ৰাজ্যৰ আটাইকেইখন জিলাতেই পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ জুনলৈকে ৰাজ্যৰ আটাইকেইখন জিলাতেই পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। কেন্দ্ৰটোৱে কালি ৰাজ্যৰ ১১খন জিলাত প্ৰযোজ্য হোৱাকৈ ৰেড এলার্ট জাৰি কৰিছে। ৰেড এলার্ট জাৰি কৰা জিলাকেইখন হৈছে – কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, বাক্সা, চিৰাং, বৰপেটা, দক্ষিণ কাৰ্বি আংলং, তামুলপুৰ, গোৱালপাৰা, কাচাৰ আৰু ডিমা হাছাও। আনহাতে ওদালগুৰি, মৰিগাঁও, দৰং, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী চহৰত সোমবাৰৰ দিনটোত ৫১ দশমিক ৪ মিলিমিটাৰ আৰু মঙলবাৰে ২৭ দশমিক ৬ মিলিমিটাৰ বৰষুণ হোৱা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে। অহা ২২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া অম্বুবাছীৰ সময়তো গুৱাহাটীৰ লগতে ৰাজ্যৰ সামগ্রিক বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জানিব পৰা গৈছে ৷

অধিক পঢ়ক

সকলো চাওক