গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয়ৰ দুটা ছাত্রাৱাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। নির্বাচনকেন্দ্ৰিক সংঘাতৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰ চি চি ১ নম্বৰ আৰু ২ নম্বৰ ছাত্ৰাৱাস খালী কৰিবলৈ নিৰ্দেশ দিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই নিৰ্দেশনাৰ পাছতে আৱাসীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ পাছতে কৰ্তৃপক্ষই পূৰ্বে দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰে। ইপিনে, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সৃষ্টি হোৱা নিৰ্বাচনকেন্দ্ৰিক সংঘাত সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয়সমূহত সৃষ্টি হোৱা নির্বাচনকেন্দ্রিক খাম-খেয়ালী দুর্ভাগ্যজনক বুলি আখ্যা দি তেওঁ আৱাসসমূহত অধিক কঠোৰ নীতি-নিয়ম আৰোপ কৰা হ’ব বুলি প্ৰকাশ কৰে। শিক্ষাৰ্থীৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাটো চৰকাৰ তথা শিক্ষানুষ্ঠান কর্তৃপক্ষই প্ৰথম আৰু প্ৰধান দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। প্ৰাক্তন আৱাসীয়ে ছাত্ৰাৱাসত থকাটো কোনোপধ্যেই গ্রহণযোগ্য নহয় বুলি তেওঁ কয়।
Site Admin | October 7, 2024 9:11 PM | guwahati university clash hostel