ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটীৰ কামাখ্যাৰ পৰা আজাৰা হৈ গোৱালপাৰা সংযোগী ৰে’লপথৰ দ্বৈতকৰণৰ প্রয়োজনীয় ভূমি আবণ্টনত কেবিনেটৰ অনুমোদন

অসম মন্ত্ৰীসভাৰ বৈঠকে কামাখ্যাৰ পৰা আজাৰা হৈ গোৱালপাৰা সংযোগী ৰে’লপথছোৱাৰ দ্বৈতকৰণৰ বাবে প্রয়োজনীয় ভূমি আবণ্টনত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে এই পথছোৱাৰ বাবে ৮ বিঘা ভূমি ৰে’লৱেক হস্তান্তৰ কৰাত অনুমোদন জনায় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। হাজো, মাজুলী আৰু টিংখঙত নির্মীয়মান কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানৰ বাবে ১৫০ কোটি টকাৰ প্ৰশাসনীয় অনুমোদনৰ পুনৰ বৈধকৰণত সন্মতি জনাইছে। অসমৰ বিভিন্ন অভিযান্ত্ৰিক আৰু কাৰিকৰী মহাবিদ্যালয়ত অংশকালীনভাৱে নিয়োজিত ৫৫১ গৰাকী অধ্যাপকক স্থায়ী পদত নিযুক্তিৰ বাবেও কেবিনেটে অনুমোদন জনায়। ৰাজ্য চৰকাৰৰ অভিলাসী আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ৩ লাখ ২৩ হাজাৰ ৬৪০ গৰাকী ছাত্র-ছাত্রীক ১৪৮ কোটি ৫৫ লাখ টকা ব্যয়েৰে চাইকেল প্ৰদানৰ সিদ্ধান্তত কেবিনেটে বিত্তীয় অনুমোদন জনায়। ইয়াৰ ফলত দূৰণিবটীয়া ছাত্ৰ-ছাত্ৰীসকলে সময়মতে বিদ্যালয়ত উপস্থিত হোৱাৰ লগতে বিদ্যালয়ৰ শিক্ষা আধৰুৱাকৈ এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজ্য চৰকাৰৰ আগতীয়া অনুমোদন অবিহনে অস্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা ১৩১ গৰাকী শিক্ষকৰ পদ নিয়মীয়াকৰণৰ বাবেও কেবিনেটে সিদ্ধান্ত লয়।

অধিক পঢ়ক

সকলো চাওক