গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ যোগদলত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন যুৱকৰ মৃত্যু হয়। নিহত যুৱককেইজন মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মুস্তাক আহমেদ, ছাকিল আহমেদ আৰু ছৰিফুল ইছলাম বুলি জানিব পৰা গৈছে। ঈদৰ বাবে নিজৰ দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ দোকমোকালিতে এই যুৱক তিনিজন মৈৰাবাৰীৰ পৰা গুৱাহাটী মহানগৰীলৈ এখন বাহনেৰে ৰাওনা হৈছিল। সোণাপুৰৰ যোগদলত তেওঁলোকৰ বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত যুৱক তিনিজনৰ মৃত্যু হয়। মৃত যুৱক তিনিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
Site Admin | March 27, 2025 8:08 PM | guwahati sonapur accident 3 death
গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ যোগদলত সংঘটিত পথ দুৰ্ঘটনাত ৩জন যুৱকৰ মৃত্যু
