মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সমীপত এখন ছেটেলাইট টাউনশ্বিপ গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছে। এই টাউনশ্বিপৰ বাবে কেন্দ্ৰই ধনৰ যোগান ধৰিব। ইয়াৰ বাবে বাজেটত প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা কৰা হৈছে। কালি এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰাৰ বাবে অসম সঠিক দিশেৰে আগবাঢ়িছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক সমীক্ষাৰ তথ্য বিশ্লেষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুষ্মান কাৰ্ডৰ সন্দৰ্ভতো এক বিশেষ ঘোষণা কৰে। তেওঁ কয় যে, এতিয়াৰে পৰা হৃদযন্ত্র সংৰোপণ, বৃক্ক সংৰোপণ, জুয়ে পোৰা বা তেনেধৰণৰ ৩০০ প্ৰকাৰৰ জটিল বা গুৰুতৰ চিকিৎসা পদ্ধতি আয়ুষ্মান কাৰ্ডৰ যোগেদি চৰকাৰী হাস্পতাল আৰু নাৰ্ছিং হোম উভয়তে উপলব্ধ হ’ব। এইসমূহ বেমাৰৰ চিকিৎসাৰ বাবে চৰকাৰে নিৰ্ধাৰিত হাৰত ৰোগীৰ চিকিৎসাৰ ব্যয় বহন কৰিব। আনহাতে সাধাৰণ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বেচৰকাৰী হাস্পতাল বা নাৰ্ছিং হোমত আয়ুষ্মান কাৰ্ডৰ সুবিধা পোৱা নাযাব৷
Site Admin | July 27, 2024 12:27 PM | guwahati setelite city cm assam