ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটীত গোৰ্খা সম্প্ৰদায়ৰ অন্যতম নেতা বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ

ৰাজ্য চৰকাৰে অসমৰ গোৰ্খা সম্প্ৰদায়ৰ অন্যতম নেতা বাবু ছবিলাল উপাধ্যায়ৰ সন্মানার্থে গুৱাহাটী মহানগৰীৰ কোনো গুৰুত্বপূৰ্ণ স্থানত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ জি এম ডি এৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ লিখা এখন পত্ৰত এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক প্ৰতিমূৰ্তি স্থাপনৰ বাবে উপযুক্ত স্থান নিৰ্বাচন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামীগৰাকীৰ পৰিয়ালৰ সৈতে আলোচনা কৰি তেওঁলোকৰ ধাৰণা তথা দৃষ্টিভংগীৰ সৈতে সামঞ্জস্য থকাকৈ প্ৰতিমূৰ্তিটো নিৰ্মাণ হৈ উঠাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। প্ৰতিমূৰ্তিৰ স্থান আৰু আৰ্হি চূড়ান্ত হৈ উঠাৰ পাছত নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ লগতে বিষয়টোৰ সন্দৰ্ভত লাভ কৰা অগ্ৰগতিৰ বিষয়ে সময়ে সময়ে মুখ্যমন্ত্ৰীক অৱগত কৰাবলৈকো মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে, ১৮৮২ চনত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্রামী বাবু ছবিলাল উপাধ্যায়ৰ ১৯৮০ চনত দেহাৱসান ঘটে।

অধিক পঢ়ক

সকলো চাওক