তামিলনাডুৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰাত চলি থকা ৰঞ্জি ট্ৰফীৰ চাৰিদিনীয়া খেলখনত অসমে প্রথম ইনিংছত ১০৭ ৰানৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। তামিলনাডুৰ প্ৰথম ইনিংছত কৰা ৩৩৮ ৰানৰ প্ৰত্যুত্তৰত অসমে আজি তৃতীয় দিনা প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে। দিনটোৰ খেলৰ সামৰণিত তামিলনাডুৱে এটাও উইকেট নেহেৰুৱাকৈ ৮ ৰান সংগ্ৰহ কৰিছে। আৰু এটা দিনৰ খেল বাকী থকা অৱস্থাত তামিলনাডু ৯৯ ৰানত পিছপৰি আছে। উল্লেখযোগ্য যে আজি অসমৰ ইনিংছত অধিনায়ক ডেনিছ দাসে শতক অৰ্জন কৰাৰ লগতে স্বৰূপম পুৰকায়স্থই ৯০ আৰু শিৱশংকৰ ৰয়ে ৬৯ ৰান কৰে। ডেনিছ দাস ১০৯ ৰান কৰি আউট হয়।
Site Admin | November 8, 2024 6:47 PM | guwahati ranji trophy assam tamilnadu