ডাউনলোড
মোবাইল এপ

android apple
signal

March 20, 2025 8:26 PM | Guwahati Police

printer

অনলাইন গেমৰ জৰিয়তে অবৈধভাৱে ধন হৰলুকি কৰা ৩ জন লোকক গ্ৰেপ্তাৰ গুৱাহাটী আৰক্ষীৰ

গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে অনলাইন গেমৰ জৰিয়তে অবৈধভাৱে ধন হৰলুকি কৰা এটা দুষ্টচক্ৰৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে প্ৰথমে গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ পৰা ইনজামুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিক আৰক্ষীয়ে গড়চুকৰ এখন হোটেলত আশ্ৰয় লৈ থকা ছত্তিশগড়ৰ ছালু ৰত্ন প্ৰকাশ আৰু মুৰলীধৰ সুমিথ পিল্লাই নামৰ আন দুজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ দলটোৱে ধৃত লোককেইজনৰ পৰা সাতখন ডেবিট কার্ড, দুখন চেক বুক আৰু কেইবাখনো ছিম কার্ডকে ধৰি ভালেসংখ্যক আপত্তিজনক নথিপত্র জব্দ কৰে। এই প্ৰৱঞ্চক চক্ৰটোৱে অবৈধ অনলাইন গেমৰ জৰিয়তে আন লোকৰ বেংক একাউণ্ট ব্যৱহাৰ কৰি কোটি কোটি টকা সৰবৰাহৰ ষড়যন্ত্ৰ ৰচিছিল বুলি আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জানিবলৈ দিছে।

 

অধিক পঢ়ক

সকলো চাওক