গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা পুনৰ আৰম্ভ

♦ ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৱা ৬ মে’ৰ পৰা ফেৰী সেৱা বন্ধ হৈ আছিল। আজি উত্তৰ গুৱাহাটীৰ ৩ টা ঘাট, মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাজগাও ঘাটৰ পৰা ফেৰী সেৱা আৰম্ভ হয়। উল্লেখযোগ্য অভ্যন্তৰীণ জল পৰিবহন বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩ দিন ফেৰী সেৱা বন্ধ ৰখাৰ ফলত যাত্ৰীসকলৰ সমস্যাৰ সৃষ্টি হৈছিল।