গুৱাহাটী পৌৰ নিগমে নতুন বছৰত মহানগৰীখনৰ উন্নয়নৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ উপস্থিতিত আজি উজান বজাৰত থকা পৌৰ নিগমৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মেয়ৰ মৃগেণ শৰণীয়াই কয়, যে নতুন বছৰত মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত কমেও পাঁচটাকৈ সামূহিক শৌচাগাৰ নিৰ্মাণ কৰা হ‘ব। ইয়াৰ জৰিয়তে মহানগৰীত ৬০ টা ৱাৰ্ডত ৩০০ টা সামূহিক শৌচাগাৰ নিৰ্মাণ হ‘ব বুলি মেয়ৰ শ্ৰী শৰণীয়াই জানিবলৈ দিয়ে। ইয়াৰ লগতে নতুন বছৰত প্ৰতিটো ৱাৰ্ডত তিনি-চাৰিটাকৈ সমূহীয়া সভাঘৰ আৰু পাঁচটাকৈ পথ নিৰ্মাণৰ কামো হাতত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মহানগৰীত ১০ হাজাৰ ষ্ট্রীট লাইট স্থাপনৰ পৰিকল্পনা সদৰি কৰি মেয়ৰগৰাকীয়ে কয়, যে জানুৱাৰীৰ শেষত আৰু ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ তিনিখন প্রধান বজাৰ উলুবাৰী, গণেশগুৰি আৰু বেলতলা উদ্বোধন কৰিব। ইতিমধ্যে বজাৰ কেইখনৰ নিৰ্মাণৰ কাম ৮০ৰ পৰা ৯০ শতাংশ সম্পূৰ্ণ হোৱা বুলি শ্ৰী শৰণীয়াই জানিবলৈ দিছে। ব্যৱসায়ীসকলৰ সুবিধার্থে মহানগৰীত ৮০ টাকৈ ভেণ্ডিং জ’ন প্ৰদান কৰাৰ বিষয়ে ঘোষণা কৰি তেওঁ জানুৱাৰীৰ ভিতৰতে ইয়াৰে ১০ টা কাৰ্যকৰীকৰণৰ সিদ্ধান্ত সদৰি কৰে।
Site Admin | December 30, 2024 8:13 PM | guwahati municipalty