ডাউনলোড
মোবাইল এপ

android apple
signal

যোৱানিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ দুটাকৈ স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত

গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত যোৱানিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। পাণ্ডুৰ গ্ৰাম্য নগৰত এটি পৰিয়ালৰ ঘৰৰ গার্ডৱাল খহি পথ বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ৬ জনকৈ লোকক উদ্ধাৰ কৰে। মহানহৰীৰ খাৰঘুলিটো আন এক ভূমিস্খলনৰ ঘটনা সংঘটিত দয়। ইপিনে অনিল নগৰ, নবীন নগৰ, হাতীগাঁৱকে ধৰি কেইবাটাও অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হয়। আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত তিনিচুকীয়াতো কৃত্রিম বানৰ সৃষ্টি হৈছে। তিনিচুকীয়া নগৰৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে কেইবাটাও উপ-পথ আৰু নগৰৰ বহু অংশ কৃত্রিম বানত বুৰ যায়। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনে বান পীড়িত অঞ্চলত সজাগতা আৰু সাহাৰ্য বিতৰণ কাৰ্যসূচী অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ পানীতোলা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত বান প্ৰভাৱিত এলেকাৰ পৰিয়ালসমূহক আজি প্ৰশাসনৰ তৰফৰ পৰা সাহায্য সামগ্ৰী আৰু শিশু খাদ্য বিতৰণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক