September 10, 2024 12:41 PM | Guwahati High Court

printer

অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে কামৰূপ জিলাৰ অন্তৰ্গত দক্ষিণ কামৰূপ, পলাশবাৰী আদি অঞ্চলত একাংশ প্রতিষ্ঠানে কৃষিভূমি, জলাশয় আদি পুতি অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিশেষকৈ অঞ্চলটোৰ প্ৰাকৃতিক জলধাৰা বন্ধ কৰি এই নিৰ্মাণকাৰ্য চলাই থকাৰ বিৰুদ্ধে ন্যায়ালয়ে বিভাগীয় কৰ্তৃপক্ষক জবাবদিহি কৰিছে। এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন সমিতি গঠন কৰি অধিবক্তা অঞ্জন কলিতাক এই সমিতিৰ আয়ুক্ত হিচাপে নিযুক্তি দিছে। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অঞ্জন কলিতাই সমগ্ৰ ঘটনাৰ ক্ষেত্রভিত্তিক পর্যবেক্ষণ কৰাৰ লগতে সকলো পক্ষৰ মতামত গ্রহণ কৰি বন্ধ খামত প্রতিবেদন দাখিল কৰিব লাগিব। লগতে আদালতে দিয়া দায়িত্ব অঞ্জন কলিতাই যাতে সুচাৰুৰূপে পালন কৰিব পাৰে, তাৰবাবে স্থানীয় প্ৰশাসন আৰু আৰক্ষীক সকলো সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে অবৈধ নির্মাণকাৰ্যৰে প্ৰাকৃতিক জলধাৰা আৰু নলা-নৰ্দমাসমূহ বন্ধ কৰাৰ ফলত পলাশবাৰী অঞ্চলৰ ৰাইজ কৃত্রিম বানৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে। এনে প্ৰেক্ষাপটত সমগ্র বিষয়টোত হস্তক্ষেপ বিচাৰি পলাশবাৰী অঞ্চলৰ ৯ গৰাকী স্থানীয় নাগৰিকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল।

অধিক পঢ়ক

সকলো চাওক