গুৱাহাটী মহানগৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত অবাধে চলি থকা পাহাৰ খনন আৰু কৃত্ৰিম বান ৰোধ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই বিষয়ে তথ্য দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে। গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাক লৈ ইক’ ডেভলপমেণ্ট ছ’চাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰৰ হৈ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবে দাখিল কৰা শপতনামাখনত গুৱাহাটীৰ জি আই এছ ভিত্তিক নলাৰ বিস্তাৰিত মাষ্টাৰ প্লেন প্ৰস্তুতিৰ কাম চলি আছে বুলি কোৱা হয়। একেদৰে বাহিনী নৈৰ জড়িয়তে অতিৰিক্ত পানী নিষ্কাষণ প্ৰকল্পৰ কামো চলি আছে বুলি ৰাজ্য চৰকাৰে আদালতক জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ নিযুক্ত কৰা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে গুৱাহাটী মহানগৰীত কৃত্রিম বানৰ সমস্যা সমাধানৰ স্বাৰ্থত মহানগৰীত নতুন কৈ গৃহ নিৰ্মাণৰ অনুমতি বন্ধ ৰাখিবলৈ, সকলো সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিবলৈ আৰু ম্যাদী পট্টাৰ বাহিৰত থকা ভূমিৰ জৰীপ চলাবলৈ পৰামৰ্শ দিয়ে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে, আজি আদালতত উপস্থিত থকা অসম চৰকাৰৰ মহা অধিবক্তা দেৱজিৎ শইকীয়াইও গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে মহানগৰীৰ পাহাৰসমূহত খনন কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ পোষকতা কৰে। দুয়োগৰাকী অধিবক্তাই গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ এগৰাকী প্ৰাক্তন মুখ্য কার্যবাহী বিষয়াই দিয়া পৰামৰ্শ গ্ৰহণ কৰিব লাগে বুলি আদালতক আহ্বান জনায়। ন্যায়াধীশ বিষ্ণয় আৰু উন্নী কৃষ্ণনৰ খণ্ড আদালতে প্রাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ পৰামৰ্শ বিবেচনা কৰিবলৈ অসম চৰকাৰক পৰামৰ্শ দিয়ে।
Site Admin | March 17, 2025 7:29 PM | Guwahati High Court
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম চৰকাৰক নিৰ্দেশ
