ডিমা হাচাও জিলাৰ উমৰাংছ‘ৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত কালি শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত সদৃশ খনন বন্ধ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শুনানি কালত মহাধিবক্তা দেৱজিৎ শইকীয়াই উমৰাংছ‘ৰ কয়লাখনিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এজনীয়া আয়োগ গঠনকে ধৰি চৰকাৰে গ্ৰহণ কৰা অন্যান্য পদক্ষেপসমূহ ন্যায়ালয়ক অৱগত কৰে। ইয়াৰ পাছতে ন্যায়ালয়ত অহা ৭ ফেব্ৰুৱাৰীত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। সেইদিনা চৰকাৰে এনেধৰণৰ খনন বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ সন্দৰ্ভত ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিব লাগিব ।
Site Admin | January 29, 2025 12:46 PM | Guwahati High Court
উমৰাংছ’ৰ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু
