ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত ৬ জানুৱাৰীৰ পৰা ৩৫খন জিলাৰ ৪৪,০৯৪খন বিদ্যালয়ত তিনিটা পৰ্যায়ত গুণোৎসৱ

ৰাজ্যত ৬ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ ২০২৫ অনুষ্ঠিত হ’ব। এইবাৰৰ গুণোৎসৱত ৰাজ্যৰ ৩৫খন জিলাৰ ৪৪ হাজাৰ ৯৪ খন বিদ্যালয়ৰ প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ মুঠ ৩৯ লাখ ৬৫ হাজাৰৰো অধিক শিক্ষাৰ্থীক সামৰি লোৱা হ’ব। প্ৰথম পৰ্যায়ত ১১ খন জিলা ক্ৰমে বৰপেটা, বজালী, শ্রীভূমি, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা মানকাচৰ আৰু ওদালগুৰি জিলাত গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব। ৬ জানুৱাৰীত স্বমূল্যায়ন আৰু ৭ৰ পৰা ৯ জানুৱাৰী বহিঃমূল্যায়নৰ দিন ধাৰ্য কৰা হৈছে। ১৭ জানুৱাৰীত দ্বিতীয় পৰ্যায়ত বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলা সামৰি লোৱা হ’ব। এই পৰ্যায়ৰ বাবে ১৭ জানুৱাৰীত স্বমূল্যায়ন আৰু ২০ৰ পৰা ২২ জানুৱাৰীত বহিঃমূল্যায়ণ কৰা হ’ব। ৫ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ত বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও আৰু মাজুলীত এই ১০ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। ৫ ফেব্ৰুৱাৰীত এই জিলাকেইখনৰ বিদ্যালয়ৰ স্বমূল্যায়নৰ আৰু ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীত বহিঃমূল্যায়নৰ দিন ধায্য কৰা হৈছে। ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত গুণোৎসৱ ম’বাইল এপ আৰু প’ৰ্টেল মুকলি কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে গুগল প্লে-ষ্টোৰৰ পৰা ডাউনলোড কৰিব পৰা এই এপত ইউনিফৰ্মৰ মূল্যায়নকে ধৰি বহিঃমূল্যায়নকাৰীসকলৰ সকলো পৰ্যৱেক্ষণ প্রতিবেদনৰ ৰূপত অন্তৰ্ভুক্ত হ’ব। প’ৰ্টেল আৰু ম’বাইল এপটোৱে বহিঃমূল্যায়নকাৰী আৰু প্ৰধান শিক্ষকে হাতেৰে কৰিবলগা কাম বহুখিনি লাঘব কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গুণোৎসৱ স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰি ডাঃ পেগুৱে কয়, যে মূল্যায়নকাৰীসকলৰ পৰা এই ক্ষেত্ৰতো এটা মূল্যায়ন বিচৰা হৈছে। এইবেলি বিদ্যালয় এখনে স্বচ্ছ-নিকাভাৱে মূল্যায়ন কৰাৰো স্বীকৃতি দিয়া হ’ব আৰু বিদ্যালয় এখনৰ গ্রেডিঙৰ ক্ষেত্ৰত অনুপস্থিত ছাত্ৰ-ছাত্ৰীৰ বিষয়টোও সামৰি লোৱা হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে মূল্যায়ন পৰিচালনাত অধিক স্বচ্ছতা দেখুওৱা জিলাসমূহক বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক