দিনজোৰা কাৰ্যসূচীৰে বৰপেটা জিলা ভ্ৰমণ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকক আত্মনিৰ্ভৰ কৰি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। আজি দিনজোৰা কাৰ্যসূচীৰে বৰপেটা ভ্ৰমণ কৰা ৰাজ্যপাল শ্ৰীকাটাৰীয়াই সংবাদ মাধ্যমৰ ওচৰত এই মন্তব্য কৰে। তেওঁ কয় যে, প্ৰতিগৰাকী লোকে যাতে নিজৰ ভৰিত নিজে থিয় হৈ সমাজখনক প্ৰগতিৰ দিশত ক্ষীপ্ৰগতিত আগুৱাই নিব পাৰে সেই লক্ষ্যৰে চৰকাৰে কাম কৰিছে। এই প্ৰসংগতে বৰপেটা জিলাই সকলো ক্ষেত্ৰতে সন্তোষজনক প্ৰগতি লাভ কৰা বুলি শ্ৰীকাটাৰীয়াই কয়। উল্লেখযোগ্য যে ৰাজ্যপালগৰাকীয়ে জিলাখনৰ সকলো বিভাগৰ কাম-কাজ পর্যালোচনা কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত উপস্থিত থাকে। পাছত তেওঁ বৰপেটা সত্ৰ পৰিদৰ্শন কৰি সত্ৰখনৰ অভাৱ-অভিযোগৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক