গুজৰাট এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে (এ টি এছ) আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৪টা সন্ত্ৰাসবাদীক আটক কৰিছে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, আটক কৰা আটাইকেইটা সন্ত্ৰাসবাদী শ্ৰীলংকাৰ বাসিন্দা হোৱাৰ লগতে ইছলামিক ষ্টেটৰ সৈতে জড়িত হৈ আছিল। সন্ত্ৰাসবাদী কেইটাই শ্ৰীলংকাৰ পৰা চেন্নাই হৈ আহমেদাবাদলৈ আহিছিল। এ টি এছে সম্প্রতি সন্ত্রাসবাদীকেইটাক সোধা-পোছা অব্যাহত ৰাখিছে। প্ৰাৰম্ভিক তদন্তত জানিব পৰা মতে, সন্ত্ৰাসবাদী কেইটাই পাকিস্তানৰ পৰা আদেশৰ অপেক্ষাত আছিল। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে, গুজৰাট এ টি এছে মহম্মদ নুছৰত, মহম্মদ নাফৰীণ, মহম্মদ ফাৰিছ, মহম্মদ ৰাছদিন নামৰ শ্ৰীলংকাৰ ৪ জন বাসিন্দাৰ তথ্য লাভ কৰিছিল। তথ্য অনুসৰি আটাইকেইজনে নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী সংগঠন ইছলামিক ষ্টেটৰ সক্ৰিয় সদস্য। এ টি এছৰ তদন্তত সন্ত্ৰাসবাদী কেইটাই ইছলামিক ষ্টেটৰ সদস্য তথা আবু বকৰ অল বাঘদাদিৰ অনুগামী বুলি প্ৰকাশ কৰে। গুজৰাট এ টি এছে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।
Site Admin | May 20, 2024 8:57 PM | gujrat-terrorist-arrest