গুজৰাটৰ ছুৰাট লোকসভা আসনত বিনাপ্রতিদ্বন্দ্বিতাৰে বিজেপিৰ জয়লাভ

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা গুজৰাটৰ লোকসভা নিৰ্বাচনৰ ছবিখন স্পষ্ট হৈ পৰিছে। বিজেপি দলে কালি গুজৰাটৰ ছুৰাট লোকসভা আসনখনত বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে ছুৰাট লোকসভা আসনখনৰ বাবে কংগ্ৰেছৰ প্রার্থী নীলেশ কুম্ভানীৰ মনোনয়ন প্ৰস্তাৱকগৰাকীৰ স্বাক্ষৰৰ অমিলৰ বাবে অবৈধ ঘোষণা কৰা হৈছিল। কংগ্ৰেছৰ বিকল্প প্রার্থী সুৰেশ পাড়ছালাৰ মনোনয়ন পত্ৰও অবৈধ ঘোষিত হোৱাৰ ফলত ছুৰাট আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছৰ কোনো প্রার্থী নাথাকিল। কালি আন ৮ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্রত্যাহাৰ কৰাত বিজেপিৰ প্রার্থী মুকেশ দালাল জয়ী ঘোষিত হয়। বৰ্তমান ২৫খন আসনৰ বাবে মুঠ ২৬৬ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আহমেদাবাদ পূব সমষ্টিৰ বাবে সৰ্বাধিক ১৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বাদলী লোকসভা আসনখনৰ বাবে সর্বনিম্ন ৩ গৰাকী প্ৰাৰ্থী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। মুখ্য সংসদীয় সমষ্টিবোৰৰ ভিতৰত গান্ধীনগৰ, নৱছাৰী সুৰেন্দ্ৰ নগৰ, জামনগৰ আৰু সৰকান্থা সমষ্টিৰ পৰা ১৪ গৰাকীকৈ প্রার্থী নির্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বানাচকান্থা আসনখনৰ বাবে মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে ৭ গৰাকী প্ৰাৰ্থী দমন আৰু ডিউ আৰু ৫ গৰাকী প্ৰাৰ্থী দাদৰা নগৰ হাৱেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক