ডাউনলোড
মোবাইল এপ

android apple
signal

December 21, 2024 8:32 PM | gst meeting

printer

জয়ছেলমাৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদ জি-এছ-টিৰ ৫৫ সংখ্যক বৈঠক অনুষ্ঠিত

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ অধ্যক্ষতাত আজি ৰাজস্থানৰ জয়ছেলমাৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদ জি-এছ-টিৰ ৫৫ সংখ্যক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে জটিল ৰোগৰ বাবে গ্ৰহণ কৰা জীৱনৰক্ষী ব্যৱস্থাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ জিন থেৰাপী সামগ্ৰী আৰু সেৱা কৰৰ আওতাৰ বাহিৰত ৰখা হৈছে। ১৯০৪ চনৰ নিয়ম অনুসৰি শ্ৰেণীভুক্ত কৰা পুষ্টিকৰ উপাদানসমৃদ্ধ চাউলৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ক্ষুদ্র কোম্পানীৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া সৰল কৰা হব। বৈঠকত ডেলিভাৰী মঞ্চৰ যোগেদি খাদ্য যোগানৰ কৰ সম্পর্কেও আলোচনা হয় । এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি স্পষ্ট কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এনে মঞ্চৰ ওপৰত কৰ আৰোপ কৰিব লাগে নে নালাগে সেই বিষয়ে ভালদলে আলোচনা কৰা হব। বৈঠকত গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয়, ওড়িশাৰ মুখ্যমন্ত্ৰীৰ লগতে অৰুণাচল প্রদেশ, বিহাৰ, মধ্য প্ৰদেশ আৰু তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্ত মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক