ডাউনলোড
মোবাইল এপ

android apple
signal

September 10, 2024 1:07 PM | gst meeting

printer

বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ পৰা ৫ শতাংশলৈ হ্ৰাস

সামগ্ৰী আৰু সেৱা কৰ পৰিষদে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত পৰিষদৰ ৫৪ সংখ্যক বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অধ্যক্ষতা কৰা এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী আৰু বিভিন্ন ৰাজ্যৰ বিত্ত মন্ত্ৰীসকলে অংশগ্রহণ কৰে। বৈঠকৰ অন্তত শ্ৰীমতী সীতাৰমণে সংবাদ মাধ্যমৰ আগত কয় যে, কৰ্কট ৰোগৰ চিকিৎসা ব্যয় হ্ৰাস কৰাৰ বাবে ইয়াৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ মূল্য হ্ৰাস কৰা হৈছে। একেদৰে নিমখীয়া আৰু একাংশ খাদ্য সামগ্ৰীৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১৮ৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে। বুলিও বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্বীকৃতিপ্রাপ্ত তথা আয়কৰ ৰেহাইপ্ৰাপ্ত বিশ্ববিদ্যালয়সমূহৰ গৱেষণাৰ বাবে প্ৰদান কৰা পুঁজিৰ ক্ষেত্ৰত সামগ্ৰী আৰু সেৱা কৰ ৰেহাই দিয়া হৈছে। তেওঁ লগতে সামগ্ৰী আৰু সেৱা কৰ পৰিষদে জীৱন আৰু স্বাস্থ্য বীমাৰ ক্ষেত্ৰত কৰ হ্ৰাস কৰাৰ বাবে বিবেচনা কৰিবলৈ মন্ত্ৰীসকলৰ এটা গোট গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথাও জানিবলৈ দিয়ে। মন্ত্ৰীসকলৰ এই গোটে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ শেষলৈ চিকিৎসা স্বাস্থ্য বীমাৰ জি এছ টি হ্ৰাস কৰাৰ সন্দৰ্ভত তথ্য দাখিল কৰিব আৰু নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এখন বৈঠকত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। আনহাতে বাহনৰ আসনত সামগ্ৰী আৰু সেৱা কৰ ১৮ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে বুলিও বিত্ত মন্ত্ৰী সীতাৰমণে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক