তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ’ব

■ ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ’বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰবো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্রার্থী অৱতীৰ্ণ হ’ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্রকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকীয়ে কয় যে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন, ২০২৪ ৰূপায়ণ কৰিছে। সেই অনুসৰি নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা লোকক তিনি বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব। তদুপৰি সংশ্লিষ্ট লোকজনক ১ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। অধ্যক্ষ তিৱাৰীয়ে কয় যে আয়োগে সামাজিক মাধ্যমতো তীক্ষ্ণ দৃষ্টি ৰাখিছে। শ্ৰীতিৱাৰীয়ে ১৫ ছেপ্তেম্বৰত হ’বলগীয়া পৰীক্ষাটো অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা বুলি উল্লেখ কৰে। তেওঁ কয় যে এই পৰীক্ষাত
২৮খন জিলাৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত মুঠ ১১ লাখ ২৩ হাজাৰ ২০৪গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। এই পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত স্পৰ্শকাতৰ হিচাপে চিহ্নিত ৪২৯টা কেন্দ্ৰত অতিৰিক্ত আৰক্ষী আৰু গৃহৰক্ষী জোৱান নিয়োগ কৰা হ’ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক