পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, চৰকাৰে হাইড্ৰ’জেনৰ ব্যৱহাৰৰ সহায়ত অনাগত সময়ত জীৱাশ্ম ইন্ধনৰ আমদানি প্ৰায় ২২ লাখ কোটিৰ পৰা ৪ লাখ কোটিলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰে আৱৰ্জনাৰ পৰা ইন্ধন উৎপন্ন কৰা মীৰাই বাহন প্রকল্প ক্ষিপ্ৰতাৰে আগুৱাই নিছে। তেওঁ লগতে কয় যে, জৈৱ প্ৰযুক্তিৰ ব্যৱহাৰেৰে কম দৰত হাইড্ৰ’জেনৰ উৎপাদন সম্ভৱ হ’ব পাৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে ভাৰতবৰ্ষক ইন্ধন ৰপ্তানিকাৰী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে প্রতি কিলোগ্ৰামত ১ ডলাৰ মূল্যত হাইড্ৰ’জেন উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কৃষি খণ্ডৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি শ্ৰীগাডকাৰীয়ে কয় যে, খেতিয়কসকল অকল অন্নদাতাই নহয়, বৰং নৰা ব্যৱহাৰ কৰি জৈৱ ইথানল প্ৰস্তুতকৰণৰ জৰিয়তে ইন্ধনদাতা আৰু হাইড্ৰ’জেনদাতা হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে ব্যক্তিগত প্রতিষ্ঠানসমূহক গ্ৰাম্য আৰু জনজাতীয় এলেকাসমূহত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। মহানগৰসমূহত অধিক গুৰুত্ব আৰোপৰ ফলত দেশত অর্থনৈতিক ব্যৱধানৰ সৃষ্টি হোৱাৰ বিষয় লৈ মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্রকাশ কৰে।
Site Admin | September 19, 2024 8:52 PM | Govt to reduce fossil fuel imports through hydrogen innovation