আইন আৰু ন্যায় মন্ত্ৰালয়ে কাইলৈ কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনৰ ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক এখন সন্মিলনৰ আয়োজন কৰিছে। আইন আৰু ন্যায় মন্ত্ৰালয়ে কৈছে যে, ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম ২০২৩ৰ বিশেষ বৈশিষ্টসমূহ আলোচনা আৰু প্রশ্নোত্তৰ শিতানৰ মাধ্যমেৰে অৱগত কৰোৱাই এই সন্মিলনৰ মূল উদ্দেশ্যে। ৰাষ্ট্ৰপতিয়ে যোৱা ডিচেম্বৰত অনুমোদন জনোৱা এই আইন তিনিখন পহিলা জুলাইৰ পৰা বলৱৎ হ’ব। মন্ত্ৰ্যালয়ে কৈছে যে, এই আইন তিনিখনৰ বিষয়ে জনসাধাৰণ বিশেষকৈ আইন জগতৰ বিশিষ্ট ব্যক্তি, আইন বলৱৎকাৰী সংস্থা, শিক্ষাবিদ আৰু আইন পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি উদ্দেশ্যে আইন পৰিক্ৰমা বিভাগে যোৱা দুমাহত নতুন দিল্লী আৰু গুৱাহাটীত দুখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত কৰিছে।