কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে অ’লা আৰু উবেৰৰ পাছত এটা সমবায়ৰ পদক্ষেপেৰে যাত্ৰীৰ আহ-যাহৰ বাবে চহকাৰ টেক্সি নামৰ এটা বাহন সেৱা মুকলি কৰিব বুলি ঘোষণা কৰিছে। লোকসভাত বিতৰ্কত অংশ লৈ শ্ৰীশ্বাহে কয়, যে চহকাৰ সে সমৃদ্ধিৰ পদক্ষেপৰ অংশ হিচাপে এই সেৱা আৰম্ভ কৰা হ’ব। তেওঁ অনাগত কেইটামান মাহৰ ভিতৰত আৰম্ভ কৰিবলগা এটা ব্যাপক পৰিসৰৰ এই সমবায় খণ্ডৰ টেক্সি সেৱাত দুচকীয়া, চাৰিচকীয়া, ৰিক্সা আদি বাহনৰ পঞ্জীয়ন কৰা হ’ব আৰু এই সেৱাৰ লাভসমূহ প্ৰত্যক্ষভাৱে চালকসকলে লাভ কৰিব বুলি অৱগত কৰে। শ্ৰীশ্বাহে চহকাৰ সে সমৃদ্ধি কেৱল এটা শ্লোগান নহয় বুলি প্ৰকাশ কৰি কয়, যে সমবায় মন্ত্ৰালয়ে বিগত চাৰে ৩ বছৰত ইয়াক বাস্তৱায়িত কৰাৰ বাবে দিনে নিশাই প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ লগতে কয়, যে অচিৰেই এটা সমবায় বীমা কোম্পানী প্ৰতিষ্ঠা কৰা হ’ব আৰু দেশৰ সমবায় ব্যৱস্থাৰ অধীনত ইয়াক পৰিচালনা কৰা হ’ব ।
চহকাৰ সে সমৃদ্ধিৰ পদক্ষেপৰ অংশ হিচাপে চহকাৰ টেক্সি নামৰ বাহন সেৱা মুকলি কৰা হ’বঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
