কেন্দ্ৰীয় চৰকাৰে কয়, যে গোলকীয় টীকাকৰণ কাৰ্যসূচী চমুকৈ ইউ আই পিৰ অধীনত প্রায় ৭ কোটি ৪৩ লাখ হিতাধিকাৰীয়ে পঞ্জীয়ন কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু জন্মৰ পৰা ১৬ বছৰ বয়সৰ ল’ৰা-ছোৱালীক টীকাকৰণৰ জৰিয়তে প্ৰতিৰোধ কৰিব পৰা ১২ বিধ বেমাৰৰ জীৱন দায়িনী টীকা প্ৰদান কৰা হ’ব । লোকসভাত কালি দিয়া এটা লিখিত উত্তৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কয়, যে প’ৰ্টেলত উল্লেখ কৰা অনুসৰি ইয়াৰ ভিতৰত ১ কোটি ২৬ লাখ টীকাকৰণ সত্ৰৰ আয়োজন কৰা হৈছে আৰু প্ৰায় ২৭ কোটি ৭৭ লাখ টীকা প্ৰদান কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে নাগৰিক আৰু টীকা প্ৰদান কৰা লোকসকলৰ বাবে মোবাইল এপ উপলব্ধ থকা ইউ উইন ডিজিটেল মঞ্চই জনসাধাৰণৰ মাজত টীকাকৰণ সন্দৰ্ভত সজাগতা যথেষ্ট বৃদ্ধি কৰিছে। তেওঁ কয়, যে এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতি বছৰে ২ কোটি ৯ লাখ গৰ্ভৱতী মহিলা আৰু ২ কোটি ৬ লাখ নৱজাতকক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে।
Site Admin | November 30, 2024 12:31 PM
গোলকীয় টীকাকৰণ কাৰ্যসূচীৰ অধীনত প্রায় ৭ কোটি ৪৩ লাখ হিতাধিকাৰীৰ নাম পঞ্জীয়ন
