ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত আজি ONE NATION ONE SUBSCRIPTION আঁচনি আৰম্ভ

চৰকাৰে আজি ONE NATION ONE SUBSCRIPTION আঁচনি আৰম্ভ কৰিছে। একক SUBSCRIPTION মঞ্চৰ অধীনত গৱেষণা পত্ৰ, পত্ৰিকা আৰু শৈক্ষিক বিষয়বস্তুকে ধৰি ডিজিটেল জ্ঞানৰ বিভিন্ন উৎস সহজে উপলভ্য কৰোৱাই এই আঁচনিৰ মূল উদ্দেশ্য। এই আঁচনিয়ে সেৱা লাভৰ বিভিন্ন বাধা দূৰ কৰি আৰু জ্ঞানৰ সমলভ্যতা সুনিশ্চিত কৰি সমগ্ৰ দেশৰ শিক্ষাৰ্থী, গৱেষক আৰু প্ৰতিষ্ঠানসমূহক উপকৃত কৰিব বুলি আশা কৰা হৈছে। বিশ্ববিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানকে ধৰি চৰকাৰী সাহায্যপ্রাপ্ত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ১ কোটি ৮০ লাখৰো অধিক শিক্ষার্থীয়ে এই আঁচনিৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ পত্রিকাসমূহত প্রকাশিত গৱেষণা পত্ৰসমূহ সহজে চাব পাৰিব। এই আঁচনিৰ প্রথম পর্যায়ত বিজ্ঞান, প্রযুক্তিবিদ্যা, অভিযান্ত্রিক, চিকিৎসা, গণিত ব্যৱস্থাপনা, সমাজ বিজ্ঞান আৰু হিউমেনিটিছ্ সামৰি ১৩ হাজাৰ ৪০০ ৰো অধিক আন্তঃৰাষ্ট্ৰীয় পত্রিকা উপলব্ধ কৰোৱা হ’ব।

প্রধান উপদেষ্টা অধ্যাপক অজয় কুমাৰ চুডে কয়, যে ONE NATION ONE SUBSCRIPTION আঁচনিৰ পৰৱৰ্তী পৰ্যায়ত ব্যক্তিগত খণ্ডত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠাসমূহকো আঁচনিখনত অন্তৰ্ভুক্ত কৰা হ’ব আৰু এনে আৱশ্যকতা থকা সকলো ব্যক্তিকে সামৰি লোৱা হ’ব। ONE NATION ONE SUBSCRIPTION আঁচনিৰ অধীনত তিনি বছৰৰ বাবে ৬ হাজাৰ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। ইয়াৰ অধীনত বছা বছা পত্ৰিকাত প্ৰকাশ পোৱা গৱেষণা পত্ৰৰ বাবে লিখকসকলক বছৰি ১৫০ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় মন্ত্রীসভাই যোৱা বছৰ ২৫ নৱেম্বৰত ONE NATION ONE SUBSCRIPTION আঁচনিত অনুমোদন জনাইছে।

অধিক পঢ়ক

সকলো চাওক