কেন্দ্ৰীয় চৰকাৰে ১৪বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি, মহাৰাষ্ট্ৰৰ ৱধাৱন বন্দৰ বিকশাই তোলা আৰু গুজৰাট আৰু তামিলনাডুত সমুদ্র তীৰৰ সমীপত প্ৰথম পৱন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে লগতে বাৰানসী বিমান বন্দৰৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি উন্নয়নৰ হকেও সিদ্ধান্ত গ্রহণ কৰিছে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে কেবিনেট বৈঠকত পাঁচটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে কেবিনেটে ২০২৪-২৫ বিপণন বৰ্ষৰ বাবে ১৪বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনাইছে। ধান, কপাহ, মিলেট, দাইল আৰু তৈলবীজৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্তই খেতিয়কসকলক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ জৰিয়তে পৰিৱৰ্তনৰ ধাৰা অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৃতীয়টো কাৰ্যকাল অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। চৰকাৰে সমগ্ৰ দেশত ২ লাখ গুদাম নিৰ্মাণ কৰাৰ বাবে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে মহাৰাষ্ট্ৰৰ ৱধাৱন বন্দৰ সকলো বতৰৰ বাবে উপযোগী সেউজ বন্দৰ বিকশাই তোলাৰ সিদ্ধান্ত লৈছে। তেওঁ কয় যে এই বন্দৰটো নিৰ্মাণ কৰাৰ বাবে ৭৬ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰা হ’ব আৰু সম্পূৰ্ণ হোৱাৰ পাছত এইটো বিশ্বৰ আগশাৰীৰ ১০টা বন্দৰৰ অন্যতম হ’ব। শ্রী বৈষ্ণৱে কয় যে বন্দৰটো দুটা পৰ্যায়ত বিকশাই তোলা হ’ব আৰু ইয়াৰ মাল পৰিবহণ সামর্থ্য ২ কোটি ৩০ লাখ টন হ’ব। এই বন্দৰটোৱে অনাগত সময়ত প্রায় ১২ লাখ লোকক কর্মসংস্থাপন প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে। শ্রীবৈষ্ণৱে কয় যে চৰকাৰে দেশৰ নবীকৰণযোগ্য শক্তি সামর্থ্য বৃদ্ধিৰ বাবে অহৰহ কাম কৰি আছে আৰু এই দিশত সমুদ্র তীৰৰ সমীপত প্রথম পৱন কেন্দ্ৰ স্থাপনৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে গুজৰাট আৰু তামিলনাডুত ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতাবিশিষ্ট দুটা প্ৰকল্প আৰম্ভ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে দুহেজাৰ ৮৬৯ কোটি টকা ব্যয়সাপেক্ষে বাৰানসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উন্নয়নৰ প্ৰস্তাৱত অনুমোদন দিছে। অন্য এটা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি শ্রীবৈষ্ণৱে কয় যে কেবিনেটে ৰাষ্ট্ৰীয় ফৰেনছিকৰ আন্তঃগাঁথনি উন্নয়ন আঁচনিতো অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ অতিৰিক্ত চৌহদ স্থাপন কৰা হ’ব।
Site Admin | June 20, 2024 12:18 PM | cabinet Govt hikes MSP for 14 Kharif crops including Paddy & Cotton