কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছে বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। পুনেত আজি জনতাসহকাৰী বেংক, পুনেৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, যে মোদী চৰকাৰে দেশৰ সমবায় খণ্ডক বিপণনযোগ্য কৰি তুলিছে। তেওঁ লগতে কেন্দ্ৰীয় পঞ্জীয়ন সমবায় সমিতিৰ প্ৰথমটো আঞ্চলিক কার্যালয় পুনেত মুকলি কৰা হ’ব বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে সমগ্ৰ দেশৰ সমবায় বেংকসমূহৰ আৰ্থিক অসুবিধাসমূহ দূৰ কৰাত সহায় কৰাৰ বাবে এটা বিশেষ সংস্থা গঢ় দিয়া হৈছে। উল্লেখযোগ্য যে এই সংস্থাই সকলো সমবায় বেংক শক্তিশালী কৰাৰ বাবে কাম কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে পুনেত অনুষ্ঠিত পশ্চিম মাণ্ডলিক পৰিষদৰ ২৭ সংখ্যক বৈঠকতো অধ্যক্ষতা কৰে। আজিৰ অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দে, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মহল, উচ্চ আৰু কাৰিকৰী শিক্ষাৰ ৰাজ্যমন্ত্ৰী চন্দ্ৰকান্ত পাৰ্টিলকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Site Admin | February 22, 2025 9:25 PM | Govt has given special impetus to cooperative movement in country HM Amit Shah
কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত বিগত ৩ বছৰত সমবায় খণ্ডই গতি লাভ কৰিছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ
