চৰকাৰে দেশৰ সকলো কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়ত সুৰক্ষাকৰ্মীৰ নিয়োগ ২৫ শতাংশ বৃদ্ধি কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে। চৰকাৰী সূত্ৰসমূহে প্ৰকাশ কৰা মতে মানসম্পন্ন সুৰক্ষা নীতি-নিয়মসমূহৰ উপৰি চৰকাৰী চিকিৎসালয়সমূহৰ পৰা লাভ কৰা ব্যক্তিগত চাহিদাৰ ওপৰত ভিত্তি কৰি মাৰ্শ্বাল নিয়োগ কৰাৰ বাবেও অনুমতি প্ৰদান কৰা হৈছে। সূত্ৰসমূহে লগতে এই বুলিও কৈছে যে, কলকাতা চিকিৎসালয়ৰ ঘটনাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় আইন প্রণয়ন কৰিলে কোনো বিশেষ পাৰ্থক্য পৰিলক্ষিত নহ’ব কিয়নো কনিষ্ঠ চিকিৎসকগৰাকীক ধৰ্ষণ আৰু বৰ্বৰ হত্যাৰ ঘটনাটো কোনো চিকিৎসক আৰু ৰোগীৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনা নাছিল। কলকাতাৰ চিকিৎসালয়খনত সংঘটিত এই জঘন্য ঘটনাৰ পাছত এখন কেন্দ্ৰীয় আইন প্ৰণয়নৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ আৱাসিক চিকিৎসকলকে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইপিনে পশ্চিমবংগ, দিল্লী, হাৰিয়ানা আৰু কেৰালাকে ধৰি দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্রদেশে স্বাস্থ্যকৰ্মীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে আইন প্রণয়ন কৰিছে। বিষয়াসকলে প্ৰকাশ কৰা মতে তেওঁলোকে ভালেমান আৱাসিক চিকিৎসক সংস্থাৰ সৈতে আলোচনাত মিলিত হৈছে আৰু ইয়াৰ বিভিন্ন দিশ সম্পৰ্কে তেওঁলোকক অৱগত কৰিছে।
Site Admin | August 20, 2024 12:06 PM | Govt gives nod to enhance security deployment at all Central govt hospitals by 25 per cent