চৰকাৰে বেটী বচাও বেটী পঢ়াও আঁচনিৰ দশম বর্ষপূর্তি উদযাপন কৰিছে। কন্যা শিশুক সুৰক্ষা, শিক্ষা প্ৰদান আৰু সবলীকৰণৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই আঁচনিয়ে ১০ বছৰ সম্পূৰ্ণ কৰিলে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ এটা সূত্ৰই জনোৱা অনুসৰি আজি নতুন দিল্লীত হ’বলগীয়া বৰ্ষপূর্তি অনুষ্ঠানত সশস্ত্র বাহিনী, পেৰামিলিটেৰী বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা বিষয়াসকলে অংশগ্ৰহণ কৰিব। ছাত্ৰী আৰু অংগনৱাড়ী কর্মীসকলকো বেটী বচাও বেটী পঢ়াও আঁচনিৰ বৰ্ষপূর্তি অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। মন্ত্ৰালয়ৰ সূত্ৰটোৱে লগতে কয় যে এই আঁচনিৰ দশম বর্ষপূর্তি উদযাপনৰ কাৰ্যসূচী আজিৰ পৰা ৮ মাৰ্চলৈকে চলি থাকিব। ৰাজ্য আৰু জিলা পৰ্যায়তো এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰা হ’ব।
Site Admin | January 22, 2025 12:21 PM | Govt celebrates 10th anniversary of ‘Beti Bachao Beti Padhao’ scheme