চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে কাইলৈ এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন সোমবাৰে আৰম্ভ হ’ব আৰু ২০ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব। সোমবাৰে আৰম্ভ হ’লেও সংবিধান দিৱস উপলক্ষে মঙলবাৰে সংসদৰ বৈঠক অনুষ্ঠিত নহয়।
Site Admin | November 23, 2024 8:42 PM | government-to-hold-all-party-meeting-on-sunday-ahead-of-winter-session-of-parliament
সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে কাইলৈ সর্বদলীয় বৈঠকৰ আহ্বান
