ডাউনলোড
মোবাইল এপ

android apple
signal

অনলাইন কেলেংকাৰিৰ বৰ্ধিত ভাবুকি প্ৰতিহত কৰাৰ বাবে চৰকাৰ আৰু মেটা কোম্পানীৰ ‘প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰক’ অভিযান আৰম্ভ

অনলাইন কেলেংকাৰিৰ বৰ্ধিত ভাবুকি প্ৰতিহত কৰাৰ বাবে চৰকাৰ আৰু মেটা নামৰ কোম্পানীটোৱে যুটীয়াভাৱে ‘প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰক’ অভিযান আৰম্ভ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে কালি নতুন দিল্লীত উদ্বোধনী অনুষ্ঠানত মূল ভাষণ প্রদান কৰি এই অভিযানক অনলাইন প্ৰৱঞ্চনাৰ বৰ্ধিত ভাবুকিৰ পৰা নাগৰিকসকলক ৰক্ষা কৰাৰ সময়োচিত আৰু আৱশ্যকীয় পদক্ষেপ বুলি অভিহিত কৰে। এই অভিযানৰ পৰা চৰকাৰে যে ডিজিটেল সুৰক্ষা আৰু সতৰ্কতাৰ প্ৰসাৰ বিচাৰে সেয়া স্পষ্ট হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে ৷ শ্ৰী জাজুৱে কয় ভাৰতত ৯০ কোটিৰো অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে আৰু ডিজিটেল ইণ্ডিয়া উদ্যমৰ অধীনত খণ্ডটোৰ অভূতপূৰ্ব বিকাশ ঘটিছে। এই প্ৰগতিৰ ফলত চাইবাৰ প্ৰৱঞ্চনা ঘটনাও বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী জাজুৱে কয় যে, বিগত বছৰত চাইবাৰ প্ৰৱঞ্চনাৰ ১১ লাখটা গোচৰ ৰুজু কৰা হৈছে। মেটা নামৰ কোম্পানীটোৱে ইলেক্‌ট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়, গৃহ মন্ত্ৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয় আৰু ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত এই অভিযান আৰম্ভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক