আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি কামৰূপ জিলাৰ গৰৈমাৰীৰ এফ এ আহমেদ মহাবিদ্যালয়ত ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক দেশজোৰা অভিযানৰ অংশ হিচাপে ‘জনসম্পৰ্ক ৰক্ষা’ কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে, ‘স্বভাৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা’ শীৰ্ষক স্বচ্ছতা আৰু অনাময় কাৰ্যসূচীৰ দ্বাৰা ‘স্বচ্ছতাই সেৱা’ নামৰ অভিযান ৰূপায়ণ কৰা হৈছে। আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে এই কাৰ্যসূচীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক দৈনন্দিন জীৱনত স্বচ্ছতা আৰু অনাময়ৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ প্ৰয়াস কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই উপলক্ষে অনুষ্ঠিত কুইজ প্রতিযোগিতাত মহাবিদ্যালয়খনৰ ১৮টা দলে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত ছৰিফুল ইছলাম আৰু ছাদিকুল ইছলামে প্রথম, ছাহানুৰ আলম আৰু গায়ত্রী কলিতাই দ্বিতীয় স্থান লাভ কৰে। আনহাতে ছাহানুৰ আল-অমন আৰু মোছলেম আলীয়ে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাখন পৰিচালনা কৰে নৱকান্ত বৈশ্যই। বিজয়ীসকলক একোটাকৈ ৰেডিঅ’ ছেট, ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ আব্দুল আৱালে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | September 24, 2024 9:01 PM | goraimari fa college akashbani quiz