ৰাজ্যত এপ্ৰিল মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ ১,৮৯৫ কোটি টকা হৈছে

◊ ৰাজ্যত এপ্ৰিলত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ ১,৮৯৫ কোটি টকা হৈছে। সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে এটা মাহত জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ৰাজ্যত বিগত বৰ্ষৰ এপ্ৰিলত সংগ্ৰহ হোৱা ১,৫১৩ কোটি টকাৰ জি এছ টিৰ বিপৰীতে বিগত মাহত এই পৰিমাণ বৃদ্ধি হয়। সমগ্ৰ দেশৰ ভিতৰত এপ্ৰিলত ২৫ শতাংশ সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহেৰে অসম দ্বিতীয় স্থানত আছে। ৫২ শতাংশ সেৱাকৰ সংগ্ৰেহেৰে মিজোৰামে প্রথম স্থান অধিকাৰ কৰিছে। উল্লেখযোগ্য যে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে দেশত এপ্ৰিলত ২ লাখ ১০ হাজাৰ কোটি টকাৰ সৰ্বাধিক সামগ্রী আৰু সেৱা কৰ সংগৃহীত হৈছে বুলি প্ৰকাশ কৰিছে।

Read More : গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক 

মন্ত্রালয়ে কৈছে যে বার্ষিক ভিত্তিত এই হাৰ ১২.৪ শতাংশ বৃদ্ধি পাইছে। ঘৰুৱা লেন-দেন আৰু আমদানি বৃদ্ধিৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। এপ্ৰিলত সংগৃহীত মুঠ জি এছ টিৰ ভিতৰত ৪৩ হাজাৰ কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি, ৫৩ হাজাৰ কোটিৰো অধিক টকাৰ ৰাজ্যিক জি এছ টি, ৯৯ হাজাৰ কোটিৰো অধিক টকাৰ সংহত জি এছ টি আৰু ১৩ হাজাৰো অধিক টকাৰ উপ-কৰ আছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। যোৱা মাহত ৰিফাণ্ডৰ পাছত মুঠ জি এছ টি ৰাজহ ১ লাখ ৯২ হাজাৰ কোটি টকা হয়। এই পৰিসংখ্যাৰ পৰা যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত সংগৃহীত সামগ্ৰী আৰু সেৱা কৰ ১৫.৫ শতাংশ বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে।

অধিক পঢ়ক

সকলো চাওক