ডাউনলোড
মোবাইল এপ

android apple
signal

গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত সপ্তম পথ সুৰক্ষা সমিতিৰ সভা

গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত কালি সপ্তম পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাৰ আৰম্ভণিতে বিভিন্ন বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় আৰু বৰ্তমানৰ পথ সুৰক্ষা ব্যৱস্থা তথা ইয়াৰ ফলপ্ৰসূতাৰ বিষয়ে পর্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে দুর্ঘটনা প্রবল অঞ্চলসমূহ চিনাক্ত কৰি ইয়াৰ প্ৰশমন কৌশল প্ৰস্তুত কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। সভাত শেহতীয়া পথ দুৰ্ঘটনা আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়েও আলোচনা কৰাৰ লগতে গোলাঘাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত যান-জঁটৰ সমস্যা সমাধান কৰিবৰ বাবে বাট-পথসমূহত ন’পার্কিং জ’ন, ট্রেফিক চিগনেল, ৱান ৱে’ ইত্যাদি ব্যৱস্থা সম্পৰ্কেও আলোচনা কৰা হয়। পথ সুৰক্ষা ৰূপায়ণৰ বাবে বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰাখিবলৈ আয়ুক্তগৰাকীয়ে পৰামৰ্শ দিয়াৰ লগতে জিলাখনত পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সকলো সংশ্লিষ্ট বিভাগৰ কাম-কাজ সময়মতে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। সভাত গোলাঘাট পৌৰসভাৰ পৌৰনেত্ৰী, গোলাঘাট আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়া আৰু পৌৰসভাৰ ৱাৰ্ড কমিছনাৰসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক